Search This Blog

Thursday 6 August 2020

বিদ্যুৎ বিভাগৰ

মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ প্ৰচেষ্টাত হাউলীবাসীৰ গুৰুতৰ সমস্যা সমাধান


৫ আগষ্ট● হাউলীত বিদ্যুতৰ সমস্যাই বাৰুকৈয়ে ৰাইজক জ্বলাকলা খুৱাইছে । বৃহত্তৰ হাউলী বাসীৰ এক গুৰুতৰ সমস্যা  বিদ্যুতৰ লুকাভাকু । হাউলীত লোড শ্বেডিং আৰু অভাৰ লোডৰ ফলত হাউলী বাসীয়ে দীৰ্ঘদিন ধৰি বিদ্যুতৰ সমস্যা ভোগ কৰি আহিছে । যাৰ ফলত ছাত্ৰ ছাত্ৰীকে ধৰি সাধৰণ ৰাইজে ইয়াৰ ফল ভোগ কৰিব লগীয়া হৈছে । কিন্তু এতিয়া এই সমস্যা  সমাধানৰ পথত । হাউলীৰ সু- সন্তান হৃষিকেশ গোস্বামীৰ একান্ত প্ৰচেষ্টাত হাউলীত ইতিমধ্যে অনা হৈছে এটি নতুন ট্ৰেনস্ফৰ্মাৰ । প্ৰায় ৭০ লক্ষাধিক টকাৰ এই ট্ৰেনস্ফৰ্মাৰ যোগেদি বৃহত্তৰ হাউলীবাসীয়ে এক দীৰ্ঘদিনীয়া সমস্যাৰ পৰা পৰিত্ৰাণ পাব । বিদ্যুৎ বিভাগৰ পৰা জানিব পৰা মতে আগতে হাউলীত ১৩.১৫ mvk বিদ্যুৎ সেৱা আগবঢ়াব পাৰা হৈছিল আৰু এতিয়াৰ পৰা এই সেৱা ২৩.১৫ mvk বিদ্যুৎ সেৱা আগবঢ়াব পাৰিব । এই সুবিধা বৃহত্তৰ হাউলী অঞ্চলৰ হাউলী নগৰকে ধৰি কুজাৰপীঠ, বৰবালা, কালজাৰ, পাকা বেতবাৰী, বৰবালা, খন্দকাৰপাৰা, গৰৈমাৰী আদি অঞ্চল উপকৃত হব । ইয়াৰ যোগেদি প্ৰায় ২০০০০ গ্ৰাহক উপকৃত হব পাৰিব বুলি জানিব পৰা গৈছে । অহা প্ৰায়  ১৫ দিনৰ ভিতৰত এই নতুন ট্ৰেনস্ফৰ্মাৰটো সংযোজন কৰা হব বুলি জানিব পৰা গৈছে । হাউলীৰ সু-সন্তান মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেষ গোস্বামীক হাউলী বাসীৰ এনে দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ বাবে হাউলীৰ বিভিন্ন দল সংগঠন তথা ৰাইজে শলাগ লৈছে ।